Monday, June 28, 2021

মনোজ কুমাৰ গোস্বামীৰ চুটিগল্প : নিৰ্বান্ধৱ

 সৌৰভ কুমাৰ চলিহাই সবল কৰি তোলা অসমীয়া চুটিগল্পৰ আধুনিকতাবাদী চুটিগল্পৰ ধাৰাৰ নগেন শইকীয়া, শীলভদ্ৰ অপূৰ্ব শৰ্মা, দেৱব্ৰত দাস আদিৰ মাজত মনোজ কুমাৰ গোস্বামী অন্যতম। ঈশ্বৰহীনতা(১৯৮৬), স্বাধীনতা, সমীৰণ বৰুৱা আহি আছে(১৯৯৩), মই ৰাজেন বৰুৱাক সমৰ্থন কৰোঁ(১৯৯৪), এলুমিনিয়ামৰ আঙুলি(২০১০)) আদি গল্প সংকলনৰ যোগেদি মনোজ কুমাৰ গোস্বামীয়ে ইতিমধ্যে সমাদৰ লাভ কৰিছে। 

          আধুনিক মানুহৰ জীৱন চৰ্যাৰে নিৰ্মিত মনোজ গোস্বামীৰ গল্পত মানৱ মনত একাকীত্ব, অস্তিত্ববাদী চেতনা, নগৰ চেতনা, সমকালীন সমাজ তথা ৰাজনৈতিক চেতনা ইত্যাদি বিশেষত্ব পৰিলক্ষিত হয়।  সমাজৰ দ্ৰুত পৰিৱৰ্তনে আনি দিয়া নিঃসংতা, বিচ্ছিন্নতা আৰু একাকীত্বই ব্যক্তি বাস্তৱিক আৰু মানসিক উভয় জগতক কিদৰে সংকুচিত কৰি তুলিছে, তাৰ সাৰ্থক প্ৰকাশ মনোজ কুমাৰ গোস্বামীৰ গল্পত পোৱা যায়। আলোচ্য 'নিৰ্বান্ধৱ' গল্পটোও এই শ্ৰেণীৰে এটা উৎকৃষ্ট গল্প। 

          'নিৰ্বান্ধৱ' গল্পটোত মুখ্য চৰিত্ৰ বিষ্ণু দত্তই অফিচৰ পৰা উভতি আহোঁতে এখন ইনলেণ্ড কাৰ্ড বাটত হেৰাই পাইছে আৰু তাৰ পাছত তেওঁ কালৈ চিঠিখন লিখিব পাৰি, তাকে ভাবিছে। কিন্তু বহু চিন্তা, বহু মানসিক কষ্টৰ পাছতো তেওঁ এজন আত্মীয়-বন্ধু বিচাৰি নাপালে, যালৈ তেওঁ চিঠিখন লিখিব পাৰে। শৈশৱৰ বন্ধুৰ পৰা সহোদৰ ভাই আৰু প্ৰাক্তন প্ৰেমিকালৈকে এজন এজনকৈ অতীত স্মৃতি ৰোমন্থন কৰি তেওঁ বৰ্তমানৰ প্ৰেক্ষাপটত তেওঁলোকৰ স্থান নিৰূপণৰ চেষ্টা কৰিছে আৰু উত্তৰত মাথোঁ পাইছে একোটাকৈ বিৰাট শূণ্য। লগতে, এনে কিছুমান চৰিত্ৰৰ কথাও তেওঁ ভাবিছে, যিবোৰ এটা সময়ত তেওঁৰ সময়ৰ সংগী আছিল আৰু এতিয়া তেওঁলোকৰ ঠিকনাটো ৰখাৰ প্ৰয়োজন অনুভৱ তেওঁ কৰা নাই। শেষত প্ৰকৃত আত্মীয়ৰ ঠিকনা নাপাই তেওঁ নিজলৈকে চিঠি লিখিছে আৰু নাটকীয়ভাৱে গল্পটো শেষ হৈছে।

         গল্পটোৰ আলোচনা কৰি গৱেষক অংকুৰ জ্যোতি তালুকদাৰে লিখিছে― "গল্পটোৰ শিৰোনামটো অতি সাৰ্থক। বান্ধৱ-হীন জীৱনৰ গৰাকী হ'ল বিষ্ণু দত্ত। সময় আৰু পৰিস্থিতিয়ে তেওঁৰ পৰা আত্মীয় স্বজনৰ লগতে বন্ধু-বান্ধৱকো আঁতৰাই নিছে আৰু একাকীত্বই লাহে লাহে তেওঁক নিজৰ পৰাই বিচ্ছিন্ন কৰি তুলিছে। এই উপলব্ধিৰে তেওঁ চিঠিখনত লিখিছে 'এই যে আমি ইটোৱে সিটোৰ পৰা বহুদূৰ আঁতৰি যাওঁ, আচলতে ই আমি নিজৰ পৰাই আঁতৰি যোৱাৰ নিচিনা হয়।' গল্পটোৰ সমৰণিত আমি সেয়ে দেখোঁ নিজলৈ ইনলেণ্ড লেটাৰখন দি এপিনে নিজৰ আত্মীয়হীন অৱস্থাৰ কথা ব্যঞ্জনাময় ৰূপত প্ৰকাশ কৰিছে, আনপিনে নিজৰ অস্তিত্বৰ খবৰ নিজকে দিছে। আপাত দৃষ্টিত গল্পৰ পৰিসমাপ্তি নিৰাশাজনক। গল্পৰ সমাপ্তিয়ে পাঠকৰ মন মগজুক জীৱন আৰু বাস্তৱ সম্পৰ্কীয় বহুকেইটা প্ৰশ্নই ভাৰাক্ৰান্ত কৰি তোলে। ভুল-শুদ্ধ, আপোন-পৰ, ভাল-বেয়া, স্বাৰ্থ-নিঃস্বাৰ্থৰ মাজৰ সীমাৰেখাবোৰ ধুৱলী-কুঁৱলী হৈ পৰে। আধুনিক আৰু পৰম্পৰাৰ দ্বন্দত পাঠক বিদ্ধ হয় আৰু নিজক প্ৰশ্ন কৰিবলৈ বাধ্য হয়, আধুনিক জীৱনৰ গতিময়তাত আমিও নিৰ্বান্ধৱ নেকি?" 


অধিক জানিবলৈ চাওক : 

(১) অসমীয়া চুটিগল্প:ঐতিহ্য আৰু বিৱৰ্তন― অপূৰ্ব বৰা(সম্পা)

(২) প্ৰসংগঃ সাম্প্ৰতিক অসমীয়া সাহিত্য― লুটফা হানুম চেলিমা বেগম (সম্পা) 

(৩) অসমীয়া চুটিগল্প সংকলন(তৃতীয় খণ্ড) ― হোমেন বৰগোহাঞি (সম্পাদনা) 

No comments:

Post a Comment

য়েছে দৰজে ঠংচিৰ উপন্যাস ‘মৌন ওঁঠ মুখৰ হৃদয়’

  য়েছে দৰজে ঠংচিৰ উপন্যাস ‘মৌন ওঁঠ মুখৰ হৃদয়’          অসমীয়া ভাষাত সাহিত্য-চৰ্চা কৰা অনা-অসমীয়া লেখকসকলৰ ভিতৰত এটা উল্লেখযোগ্য নাম হ’ল–...